সাহিত্য চৰ্চা কেন্দ্ৰ, সাহিত্যম ইত্যাদি
সাহিত্য চৰ্চা কেন্দ্ৰ, অসমৰ বয়স নিচেই চালুকীয়া৷ বিগত চাৰিটা বছৰে ড॰ দীনেশ বৈশ্য, মুকুল ৰাভা, ড॰ পৰিতোষ চক্ৰৱৰ্তী আদিৰ সৱল নেতৃত্বত সাহিত্য চৰ্চা কেন্দ্ৰই নিজৰ কাম-কাজৰ পৰিসৰ ব্যপ্ত কৰিবলৈ সক্ষম হৈছে৷
Read more/le
অনুষ্ঠানটোৰ এই বৰ্ণিল যাত্ৰাত সততে সহযোগী হৈ আছে দিলস্ লক্ষ্মীন্দৰ সিংহ, দিলীপ কুমাৰশৰ্মা, কৰুণাকান্ত ৰায়, নৱকুমাৰ মিশ্ৰ আদিৰ দৰে কেবাগৰাকীও ব্যক্তি৷ সাহিত্য চৰ্চা কেন্দ্ৰ, অসমে ‘ভাৰতীয় বৈষ্ণৱ সাহিত্য’ৰ এক বিশেষ আলোচনা চক্ৰ অনুষ্ঠিত কৰিছিল মন্দিৰ নগৰী ‘পুৰী’ত৷ ওড়িশা, পশ্চিমবঙ্গ, অসম আৰু মণিপুৰৰ বিশেষ আলোচনাৰে ড॰ সন্তোষ কুমাৰ মিশ্ৰৰ সঞ্চালনাত এই আলোচনা অনুষ্ঠিত হৈছিল৷ ২০১৯ খ্ৰীষ্টাব্দৰ ৩ নৱেম্বৰত অনুষ্ঠিত হোৱা এই আলোচনা চক্ৰত অংশগ্ৰহণ কৰিছিল সাহিত্য চৰ্চা কেন্দ্ৰৰ তদনীন্তন সভাপতি ড॰ দীনেশ বৈশ্য, কাৰ্যকৰী সভাপতি মুকুল ৰাভা, যুটীয়া সম্পাদকদ্বয় ড॰ পৰিতোষ চক্ৰৱৰ্তী আৰু ড॰ ভৱেশ দাস, ‘সাহিত্যম’ৰ সম্পাদক ড॰ ত্ৰিদীপ চক্ৰৱৰ্তী, বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড॰ দীপ্তিৰঞ্জন পট্টনায়ক, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দৰ সিংহ, ড॰ কৈলাশ প্ৰধানী [কটক, ওড়িশা], তুৰা চৰকাৰী কলেজৰ অধ্যাপক ড॰ অলোক সাহা, ড॰ মণিকা সাহা [বীৰভূম, পশ্চিমবংগ], কোচবিহাৰ কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক ড॰ নৃপেন লস্কৰ, ড॰ চিন্তামনি চৌৰাংগী [গোৱালপাৰা মহাবিদ্যালয়], ড॰ আলকাশেৰ চৌধুৰী [কাৰ্বি আংলং, অসম], ড॰ ৰানু বৈশ্য আৰু মীনা শৰ্মা [বিকালী মহাবিদ্যালয়, অসম]৷ সেই আলোচনা চক্ৰতেই সম্বলপুৰৰ জ্যেষ্ঠ সাংবাদিক তথা বেজবৰুৱা সংৰক্ষণ সমিতিৰ সভাপতি দীপক পাণ্ডালৈ ‘উৎকল-কামৰূপ সংহতি বঁটা’ আগবঢ়োৱা হয়৷ পাণ্ডাৰ সৈতে অসমৰ দীৰ্ঘদিনীয়া সম্পৰ্ক এটাই গঢ় লৈ উঠিছিল৷ তেখেতে সম্বলপুৰত থকা লক্ষ্মীনাথ বেজবৰুৱাৰ কাৰ্যালয় আৰু আৱাসগৃহ দুয়োটাই ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰি অসম আৰু ওড়িশা চৰকাৰক আৱেদন-নিৱেদন কৰি দুয়োটা ঘৰেই পূৰ্বৰ ৰূপত নতুনকৈ নিৰ্মাণ কৰোৱায়৷
ড॰ ৰাণু বৈশ্যৰ কণ্ঠত বাজি উঠা শ্ৰীমন্ত শঙ্কৰদেৱ বিৰচিত বৰগীত এটাৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হয়৷ ড॰ পৰিতোষ চক্ৰৱৰ্তীয়ে অভ্যাগত সকলোকে সম্ভাষণ জনাই কয় যে মধ্য যুগৰ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ভাৰতৰ বহু পণ্ডিতে মিথিলাত লগ হৈছিল ৷ সেইসকলৰ গুৰু আছিল বিদ্যাপতি৷ বৈষ্ণৱ কবিসকলে এক সমন্বয়ৰ ভাষা ব্ৰজাৱলী[ব্ৰজবুলী] ব্ৰজধামৰ কৃত্ৰিম ভাষাৰে সকলোৱে ভগৱান শ্ৰীকৃষ্ণৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰাৰ প্ৰয়াস কৰিছিল৷ দ্বৈতবাদ-অদ্বৈতবাদ যিয়েই নহওক তেওঁলোকৰ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ মূল চালিকাশক্তি আছিল সাহিত্য৷ ভাৰতৰ অন্য প্ৰদেশৰ লগতে অসমতো এই সম্পৰ্কে নতুনকৈ গৱেষণা কৰা হৈ আছে৷ নতুন গৱেষণাৰ ফলস্বৰূপে ৫০০বছৰৰো অধিক কাল ধৰি চলি অহা মহাপুৰুষ শংকৰদেৱৰ প্ৰকৃত জন্ম চন ১৪৪৯ নে ১৪৫৯ চন সেই লৈ প্ৰশ্নৰ অৱতাৰণা হৈছে৷ জন্ম চন পৃথক হোৱা বাবেই মহাপুৰুষগৰাকীৰ জীৱন কাল ১১৯ বছৰ নে ১০৯ বছৰ- সেয়াও সন্দেহৰ আৱৰ্তত সোমাই পৰিল৷ চৰিতপুথিসমূহৰ প্ৰকৃততে ৰচনা কাল ঊনবিংশ শতিকা নে বিংশ শতিকাৰ – সেই সম্পৰ্কেও পণ্ডিতসকলে নতুনকৈ গৱেষণা আৰম্ভ কৰিছে৷
আদৰণি ভাষণ আগবঢ়াই কেন্দ্ৰৰ কাৰ্যকৰী সভাপতি মুকুল ৰাভাই অতি সুন্দৰ ৰূপত, গীতেৰে, কথাৰে বৈষ্ণৱ সাহিত্যৰ কেবাটাও দিশ উন্মোচন কৰাৰ উপৰিও, শঙ্কৰদেৱৰ বিখ্যাত ‘শুন, শুন ৰে সুৰ বৈৰী প্ৰমাণা’ শীৰ্ষক বৰগীতৰ বহল ব্যাখ্যা আগবঢ়োৱাৰ উপৰিও জনজাতীয় সংগীতৰ সুৰ, জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতৰ সুৰৰ সাদৃশ্য বিচাৰ কাৰ্য্য সঁচাকৈ অতুলনীয়৷
সঞ্চালক ড॰ সন্তোষ মিশ্ৰৰ বৰ্ণনাৰ বিশেষ দিশটো আছিল নৱম শতিকাৰ পৰা মধ্য যুগলৈ, অসম, পশ্চিমবঙ্গ আৰু ওড়িশাৰ বৈষ্ণৱ আন্দোলন আৰু বৈষ্ণৱ সাহিত্যৰ পাণ্ডিত্যপূৰ্ণ আলোচনা৷ ড॰ দীনেশ বৈশ্যই ধৰ্মীয় গ্ৰন্থসমূহৰ বিশেষকৈ চৰিত পুথিৰ ওপৰত পৰৱৰ্তীকালত চলোৱা নব্যিকৰণৰ দিশটো স্পষ্ট ৰূপত উদঙাব পাৰিছে, মেদিনী মোহন চৌধুৰীৰ লেখাৰ ওপৰত ভিত্তি কৰি৷ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড॰ দীপ্তি ৰঞ্জন পট্টনায়কৰ দৰে পণ্ডিতগৰাকীৰ গৱেষণাপত্ৰৰ কথা, উপস্থাপন ৰীতি, বৰ্ণনাৰ গভীৰতা ইমানেই সুন্দৰ যে সভাকক্ষ কাঁহ পৰি জীণ যোৱাৰ দৰে হয়৷ মীনা শৰ্মাৰ বিষয়টো গৱেষণা পত্ৰৰ বিষয়টো আছিল শঙ্কৰদেৱৰ দৰ্শন৷ আলোৱাৰসকল [ব্ৰাহ্মণ]ৰ দাক্ষিণাত্যত ধৰ্ম প্ৰচাৰৰপৰা শঙ্কৰাচাৰ্যকে ধৰি বিভিন্নজনৰ ধৰ্ম প্ৰচাৰকৰ দিশসমূহ আলোচনা কৰাটো বিশেষ তাৎপৰ্যপূৰ্ণ দিশ, সময় একেবাৰে কম পোৱা স্বত্বেও কম কথাৰে বিশেষ অৰিহণা আগবঢ়াইছে৷ দিলস্ লক্ষ্মীন্দৰ সিনহাই মনোৰমভাৱে মণিপুৰৰ বিষ্ণুপ্ৰিয়া মণিপুৰীসকলৰ বৈষ্ণৱ ধৰ্মীয় গীত-পদ-কথাৰে এক পাণ্ডিত্যপূৰ্ণ আলোচনা আগবঢ়ায়৷ ওড়িশাত জন্মগ্ৰহণ কৰি গোৱালপাৰা মহাবিদ্যালয়ত কৰ্মৰত ড॰ চিন্তামণি চৌৰাংগীয়েও বৈষ্ণৱ সাহিত্যৰ বিষয়ে এক অধ্যয়নপুষ্ট আলোচনা আগবঢ়ায়৷
সম্বলপুৰৰ মাননীয় দীপক পাণ্ডাই ‘কামৰূপ-উৎকল সমন্বয় বঁটা’ গ্ৰহণ কৰি প্ৰত্যুত্তৰত তেখেতৰ চলাই যোৱা সংগ্ৰামৰ চমু আভাষ আগবঢ়ায়৷ ড॰ মণিকা সাহাৰ গৱেষণা পত্ৰত আমি কেতিয়াও নভৱা ভাগৱত পুৰাণৰ দৰে গ্ৰন্থত অবৈষ্ণৱীয় দিশসমূহ আধুনিক বাংলা উপন্যাসৰ বৰ্ণনাৰে আগবঢ়াই একপ্ৰকাৰ প্ৰত্যাহ৩ান জনোৱাটো এক সাহসিকতাৰ পৰিচায়ক৷ ড॰ অলক সাহাৰ বিষয় ‘চৈতন্য দেৱৰ বৈষ্ণৱ ধাৰণা’৷ ড॰ সাহাৰ প্ৰকাশ ভংগী সুন্দৰ আৰু উপভোগ্য৷ চৈতন্যৰ পদাৱলী তেখেতৰ মুখস্থ৷ ড ঙ্ম কৈলাস প্ৰধানীৰ বিষয় বস্তুৰ মূল কথা ওড়িশাৰ বৈষ্ণৱ সাহিত্য-সংস্কৃতিৰ ধাৰাটো৷ মন্দিৰৰ বাবে বিখ্যাত ওড়িশাৰ বহুকেইটা মন্দিৰৰ পৰম্পৰাগত বিষয়ক সুন্দৰ বৰ্ণনা ডেকা গৱেষকজনে দাঙি ধৰিছে৷ ড॰ নৃপেন্দ্ৰ লস্কৰৰ বিষয়- ‘ভাওইয়া গীতত শ্ৰীকৃষ্ণ’৷ লোক গীতৰ মাজেৰে শ্ৰীকৃষ্ণৰ ছবি কেনেদৰে প্ৰস্ফূটিত হৈছে, তাক গীতৰ সহায়ত দাঙি ধৰিছে৷ ড॰ ত্ৰিদিব গোস্বামীৰ গৱেষণা পত্ৰত অসমীয়া নামঘৰৰ বৰ্ণনা আগবঢ়াইছে৷
খ্ৰীষ্টিয় দ্বাদশ শতিকাত এচিয়া, ইউৰোপ আৰু ভাৰতবৰ্ষত ৰাজনৈতিক, সামাজিক আৰু ধৰ্মীয় দিশত পৰিৱৰ্তনকামী এটা বিৰাট ধুমুহা বলিছিল৷ চেংগিছ খান, কুটুবুদ্দিন, বখতিয়াৰ খিলিজী আদি মুছলমান শাসকসকলৰ সাম্ৰাজ্য বিস্তাৰৰ সৈতে ভাৰতৰ ভক্তি আন্দোলনৰ সম্পৰ্ক আছে৷ মুছলমানসকলৰ ৰাজ্য বিস্তাৰ আৰু ইছলাম ধৰ্মৰ জাতি-বৰ্ণহীন ব্যৱস্থাই ভক্তি আন্দোলনত প্ৰভাৱ পেলাইছিল৷
সাহিত্য চৰ্চা কেন্দ্ৰ, অসমে প্ৰতি বছৰে দুৰ্গাষষ্ঠীৰ দিনা ‘শৰতৰ দুপৰীয়া’ শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰি আহিছে৷ চলিত বছৰত এই অনুষ্ঠানটোৱে চতুৰ্থ বৰ্ষত ভৰি দিছে৷ এইবেলি এই অনুষ্ঠানৰ বিশেষ বিষয় হ’ল ‘গীতে-মাতে গোৱালপাৰা’৷ ইতিপূৰ্বেও অসম, মেঘালয়, উত্তৰ বংগৰ ভালে সংখ্যক কবি-সাহিত্যিকে এই অনুষ্ঠানত যোগদান কৰিছে৷ সাহিত্য চৰ্চা কেন্দ্ৰ, অসমে শুক্ৰাচাৰ্য ৰাভাৰ বিষয়ে নীলোৎপল বৰুৱাই লিখা ‘শুক্ৰাচাৰ্য ৰাভা যাত্ৰা আৰু মাত্ৰা’ গ্ৰন্থখনৰ বাবে তেখেতলৈ ‘সাহিত্য বঁটা-২০২০’ প্ৰদান কৰে৷ এইবাৰ এই বঁটাটি লাভ কৰিছে ‘ৰূপৰ খাপৰ তৰোৱাল’ উপন্যাসখনৰ বাবে ৰক্তিম শৰ্মাই৷ ৰক্তিম শৰ্মাই মেচপাৰাৰ জমিদাৰ ৰণাৰাম চৌধুৰীৰ জীৱনৰ আধাৰত এই উপন্যাসখন লিখি উলিয়াইছিল৷
সাহিত্য চৰ্চা কেন্দ্ৰ, অসমে ২০১৯ বৰ্ষৰপৰা ‘ৰাজেন পাম শিল্পী বঁটা’ প্ৰদান কৰি আহিছে৷ ২০১৯ বৰ্ষৰ ২০ জুনৰ দিনা প্ৰথমবাৰৰ বাবে এই বঁটাটি সমৰ হাজৰিকাই দুধনৈৰ ‘জনমন্দিৰ’ত সাহিত্য চৰ্চা কেন্দ্ৰ, অসমে আয়োজন কৰা বিষ্ণুৰাভা দিৱসৰ এক অনুষ্ঠানত ড॰ ৰাণু বৈশ্যৰ হাতত তুলি দিয়ে৷ পৰৱৰ্তী বছৰত অৰ্থাৎ ২০২০ খ্ৰীষ্টাব্দৰ ২৭ ছেপ্টেম্বৰৰ দিনা দুধনৈৰ পৰিদৰ্শন বঙলাত কোভিড প্ৰ’ট’কল মানি আয়োজন কৰা আন এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নাট্যশিল্পী দিলীপ কুমাৰ শৰ্মাৰ হাতত বঁটাটি তুলি দিয়ে প্ৰখ্যাত ভাস্কৰ্য শিল্পী বীৰেন সিংহই৷ সাহিত্য চৰ্চা কেন্দ্ৰই এই অনুষ্ঠানতে সাহিত্যিক পেঞ্চনাৰ, শিক্ষাবিদ তথা ৰাভাসকলৰ প্ৰবাদ পুৰুষ লিষ্টিৰাম ৰাভাক সম্বৰ্ধনা জনায় আৰু এখন সম্বৰ্ধনা গ্ৰন্থ প্ৰকাশ কৰি উন্মোচন কৰে৷ সভাত আনন্দৰাম বৰুৱা ভাষা, কলা, সংস্কৃতি সংস্থা [ABILAC] ৰ সঞ্চালক ড॰ দিলীপ কলিতা আৰু সংগীত নাটক অকাডেমীৰ উত্তৰ-পূৱ কেন্দ্ৰৰ সঞ্চালক ড॰ অৰূপ বৰদলৈ বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে৷
সাহিত্য চৰ্চা কেন্দ্ৰই ২০১৯ বৰ্ষ মে’ মাহত গোৱালপাৰা জিলাৰ পঞ্চৰত্নত ‘কৃষ্ণচূড়া উৎসৱ’ অনুষ্ঠিত কৰিছিল বহুত জাকজমকতাৰে৷ অসমৰ বিভিন্ন ঠাইৰ ভালেমান শিল্পী, কলা-কুশলী, সাহিত্যিকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল৷ মুকুল ৰাভাৰ পৰিকল্পনা আৰু নেতৃত্বত এই অনুষ্ঠানটো প্ৰকৃততে সাহিত্য চৰ্চা কেন্দ্ৰৰ এক লেখত লবলগীয়া অনুষ্ঠান আছিল৷ কৃষ্ণচূড়া অনুষ্ঠানত গীত-মাত, কবিতা পাঠ আদিৰ লগতে এখন গ্ৰন্থমেলাৰো আয়োজন কৰা হৈছিল৷ ধেমাজিৰ পৰা আহি শংকৰ পাটোৱাৰীয়ে ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰি সকলোকে আকৃষ্ট কৰে৷ অনুষ্ঠানৰ অন্যতম আয়োজক প্ৰণয় ৰায়ে ৰাভাসকলৰ পৰম্পাৰাগত খাদ্য সম্ভাৰেৰে অতিথিসকলক আপ্যায়ন কৰে৷ দুৰ্ভাগ্যবশতঃ ৰাস্তা বহল কৰাৰ বাবে গছবোৰ নৃশংসভাৱে কাটিবলগীয়া হোৱাত সেই অঞ্চলৰ নান্দনিক সৌন্দৰ্য নাইকীয়া হয় আৰু ফলত তাৰ পাছৰপৰা এই অনুষ্ঠান পাতিব পৰা নাই৷
সাহিত্য চৰ্চা কেন্দ্ৰ, অসমে ড॰ দীনেশ বৈশ্য আৰু ড॰ পৰিতোষ চক্ৰৱৰ্তীৰ জন্মদিন পৰিয়ালৰ সহযোগিতাত পালন কৰে৷ ২০২০ বৰ্ষৰ ৩ জানুৱাৰীত কেন্দ্ৰৰ সভাপতি মাননীয় ড॰ দীনেশ বৈশ্যৰ ওপজা দিন ‘বিজ্ঞান মনস্কতাৰ দিন’ হিচাপে দক্ষিণ কামৰূপৰ ৰামপুৰৰ দৰাবিল গাঁৱত পালন কৰা হয়৷ অনুষ্ঠানত ড॰ দীনেশ বৈশ্য, তেখেতৰ পত্নী ড॰ ৰাণু বৈশ্য, সাহিত্য চৰ্চা কেন্দ্ৰৰ যুটীয়া সম্পাদকদ্বয় ড॰ পৰিতোষ চক্ৰৱৰ্তী আৰু ড॰ ভৱেশ দাসৰ উপৰিও তেজপুৰ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড॰ সুনীল কুমাৰ দত্ত, বৰভাগ মহাবিদ্যলয়ৰ অৱসৰী অধ্যক্ষ ফণীধৰ ডেকা, সোনাৰাম উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা ড॰ মঞ্জু বৰ্মণ, বিকালী মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপিকা ড॰ আল্পনা সৰকাৰ ডেকা আৰু অধ্যাপিকা মীনা শৰ্মা, কবি ডাঃ শৰৎ চন্দ্ৰ ৰাভা, চলচ্ছিত্ৰ প্ৰযোজক তথা পৰিচালক হিমাংশু প্ৰসাদ দাস, ৰতন কুমাৰ ৰায় হাজং, নিৰ্মল কোচ আদিকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ ২০২২ বৰ্ষৰ জ্জ্ব আগষ্টৰ দিনা সাহিত্য চৰ্চা কেন্দ্ৰৰ যুটীয়া সম্পাদক ড॰ পৰিতোষ চক্ৰৱৰ্তীৰ ওপজা দিন আজাৰাৰ স্কেমিও গ্লোবেল স্কুলত ‘পাহাৰ-ভৈয়ামৰ দিন’ হিচাবে পালন কৰা হয়৷ কুমাৰ দীপক দাসৰ সভাপতিত্বত অনুষ্ঠিত সেই সভাখনৰ আঁত ধৰে দিলীপ কুমাৰ শৰ্মাই৷ অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক সদ্যপ্ৰয়াত ড॰ প্ৰবীণ চন্দ্ৰ দাসে ড॰ পৰিতোষ চক্ৰৱৰ্তীৰ ‘কবিতা লিখাৰ কথকতা’ গ্ৰন্থখন উন্মোচন কৰে৷ ড॰ আল্পনা সৰকাৰ ডেকাই বন্তি প্১৮লনেৰে শুভাৰম্ভ কৰা এই অনুষ্ঠানটিত কবীন্দ্ৰ ডেকা, কটন বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপিকা ড॰ মঞ্জু দেৱী পেগু, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা মেঘনা চৌধুৰী, কৰুণা কান্ত ৰায়, ৰমেশ চন্দ্ৰ ৰায়, নৱকুমাৰ মিশ্ৰ, নিৰ্মল কোচ, প্ৰহ্লাদ বড়ো, আজাৰা সাহিত্য সভাৰ সভাপতি ধীৰেশ্বৰ দাস, সূৰ্য শৰ্মা, ঊষামণি শইকীয়া, বিনীতা নাথ আদিকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি ড॰ চক্ৰৱৰ্তীৰ জীৱন চৰ্যাৰ বিষয়ে আলোচনা কৰে৷ অনুষ্ঠানত টুটুমণি নাথ মেধিয়ে বিহু নৃত্য পৰিৱেশন কৰি দৰ্শকক মুগ্ধ কৰে৷
২০২০ বৰ্ষৰ ১৭ জানুৱাৰীৰ দিনা দলগোমাৰ কদমতলাত স্থানীয় ৰাইজৰ সহযোগত নিয়াৰিকৈ শিল্পী দিৱস উদ্যাপন কৰা হয়৷ ড॰ দীনেশ বৈশ্যৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত উপস্থিত থাকে সাহিত্য চৰ্চা কেন্দ্ৰ, অসমৰ কাৰ্যকৰী সভাপতি মুকুল ৰাভা, যুটীয়া সম্পাদকদ্বয় ড॰ পৰিতোষ চক্ৰৱৰ্তী আৰু ড॰ ভৱেশ দাস, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দৰ সিংহ, সাংবাদিক দিলীপ কুমাৰ শৰ্মা, স্থানীয় শিল্পী গিৰিশ দাস, অধ্যাপিকা মীনা শৰ্মা, ড॰ ৰাণু বৈশ্য আদিয়ে৷ সেই অনুষ্ঠানত স্থানীয়ভাৱে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, জ্যোতি সংগীত প্ৰতিযোগিতা, কুইজ আদিৰো আয়োজন কৰা হয়৷ সভাত যোৰহাটৰ পাৰ্থপ্ৰতিম দত্ত আৰু মাজুলিৰ অৰূপ মোৰাঙে কবিতা আবৃত্তি কৰি সকলোকে মোহিত কৰে৷ সভাত গিৰিশ দাসক শিল্পী বঁটা প্ৰদান কৰে ড॰ দীনেশ বৈশ্যই৷
সাহিত্য চৰ্চা কেন্দ্ৰই ধূপধৰাত ৰূপজ্যোতি সাহিত্য সভাৰ সহযোগত ২০২০ বৰ্ষৰ ৬, জ্জ আৰু জ্জ্ব মাৰ্চত তিনিদিনীয়াকৈ গ্ৰন্থমেলাৰো আয়োজন কৰিছিল৷ সেই অনুষ্ঠানত কবি সন্মিলন, সাহিত্যানুষ্ঠান, গ্ৰন্থ উন্মোচন আদি কিছু কাৰ্যসূচীও ৰূপায়ন কৰা হৈছিল৷ গ্ৰন্থমেলা উপলক্ষে বিভিন্ন কাৰ্যসূচীত সাহিত্য চৰ্চা কেন্দ্ৰৰ সভাপতি ড॰ দীনেশ বৈশ্য, কাৰ্যকৰী সভাপতি মুকুল ৰাভা, যুটীয়া সম্পাদকদ্বয় ড॰ পৰিতোষ চক্ৰৱৰ্তী আৰু ড॰ ভৱেশ দাস, ৰূপজ্যোতি সাহিত্য সভাৰ সভাপতি সদ্য প্ৰয়াত জ্ঞানশঙ্কৰ খাখলাৰী, সম্পাদক নৱকুমাৰ মিশ্ৰ, শিক্ষাবিদ লিষ্টি ৰাভা, নসত্ৰ আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড॰ মাধুৰ্যমণ্ডিত বৰুৱা, ড॰ প্ৰবীণ চন্দ্ৰ দাস, ড॰ ৰাধাচৰণ ৰাভা, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদব শৰ্মা, যশস্বী শিল্পী মধুসূদন দাস আদি বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷ ৰূপজ্যোতি সাহিত্য সভাৰ সৈতে যুটীয়াভাৱে পতা গ্ৰন্থমেলাত গুৱাহাটীৰ কেবাখনো গ্ৰন্থবিপনীয়ে অংশগ্ৰহণ কৰে৷ গ্ৰন্থমেলাত ৰূপজ্যোতি সাহিত্য সভাই ‘আকাশ’ আৰু ‘ৰামধেনু’ অনুষ্ঠান নিজাববীয়াকৈ ৰূপায়ন কৰাৰ লগতে সভাৰ মুখপত্ৰ ‘ৰূপজ্যোতি’খনো উন্মোচন কৰে
সাহিত্য চৰ্চা কেন্দ্ৰ, অসমৰ আন এক উল্লেখযোগ্য কৰ্ম হ’ল গ্ৰন্থ প্ৰকাশ৷ এইবোৰৰ ভিতৰত বৈজ্ঞানিক আৱিষ্কাৰৰ কাহিনী [ড॰ দীনেশ বৈশ্য], গোত্ৰ [ড॰ ভৱেশ দাস], অমৃতভূষণ দেৱ অধিকাৰী [ড॰ পৰিতোষ চক্ৰৱৰ্তী], কুইজ [বিনয় চলিহা], প্ৰাচীন ভাৰতৰ সাধু [নৱকুমাৰ মিশ্ৰ], জাতকৰ সাধু [ড॰ ভৱেশ দাস] আদি অন্যতম৷ তদুপৰি বিগত গ্ৰন্থমেলাত সাহিত্য চৰ্চা কেন্দ্ৰ, অসমে ড॰ দীনেশ বৈশ্য ৰচনাৱলী প্ৰথম খণ্ডটিৰ উন্মোচনী অনুষ্ঠানটিৰ আয়োজন কৰিছিল৷ অনুষ্ঠানত উপস্থিত আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড॰ অখিল ৰঞ্জন দত্ত আৰু প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু৷
সাহিত্য চৰ্চা কেন্দ্ৰৰ বৰ্তমানৰ সভাপতি কুমাৰ দীপক দাসৰ নেতৃত্বত নতুনকৈ ইয়াৰ যাত্ৰা আৰম্ভ হৈছে৷ আমাৰ সদস্যসকলৰ সক্ৰিয় সহায়-সহযোগিতাত এদিন সাহিত্য চৰ্চা কেন্দ্ৰই এক বিশাল অনুষ্ঠান হিচাবে গঢ়ি উঠিব বুলি আমি আশাবাদী৷
‘সাহিত্যম’ সাহিত্য চৰ্চা কেন্দ্ৰ, অসমৰ মুখপত্ৰ৷ আমাৰ এই সংখ্যাটো ড॰ পৰিতোষ চক্ৰৱৰ্তীৰ মুখ্য সম্পাদনাত আৰু দেৱেশ দাসৰ সম্পাদনাত ৮৪ গৰাকী কবিৰ কবিতাৰে সমৃদ্ধ কৰি বিশেষ কবিতা সংকলনটি প্ৰকাশ কৰি উলিওৱা হৈছে৷ সংকলনটিত গোৱালপাৰাৰ লগতে সাহিত্য চৰ্চা কেন্দ্ৰৰ সদস্যসকলৰ কবিতাৰে বিশেষভাৱে সজাই তোলা হৈছে৷ অসমৰ কেবাগৰাকীও প্ৰথিতযশা কবিৰ কবিতাও এই সংকলনত অন্তৰ্ভুক্ত হৈছে৷ আমি পোৱা প্ৰায়ভাগ কবিৰ ন্যুনতম একোটিকৈ কবিতা সংকলটিত অন্তৰ্ভুক্ত কৰা হৈছে৷ ঠাইৰ সংকুলনৰ বাবে কবিতাসমূহৰ আলোচনা আগবঢ়াবলৈ বিচাৰিও আমি থমকি ৰ’বলগীয়া হৈছে৷ পৰৱৰ্তী কালত বিশেষকৈ গোৱালপাৰাৰ কবিসকলৰ কবিতাৰ এক আলোচনা আগবঢ়াবলৈ প্ৰয়াস কৰা হ’ব৷
আশাকৰোঁ আমাৰ শুভানুধ্যায়ীসকলে সাহিত্য চৰ্চা কেন্দ্ৰক আগবঢ়াই লৈ যাব৷ আমি বিচাৰোঁ অনাড়ম্বৰ কিন্তু বিদ্যায়তনিক কাৰ্যসূচী৷ আমাৰ সদস্যসকলে উৎকৃষ্ট গ্ৰন্থ প্ৰকাশ, স্থানীয় পৰ্যায়ৰ লগতে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চেমিনাৰ আৰু সাহিত্যৰ আন কাৰ্যসূচী আদি পতাত আমাক সহায় সহযোগিতা কৰিব বুলিও আমি আশাবাদী৷ আটাইৰে সন্মিলিত প্ৰচেষ্টাত সাহিত্য চৰ্চা কেন্দ্ৰ, অসমে নি(য়কৈ এদিন এক মহৎ অনুষ্ঠানলৈ উন্নীত হ’ব৷